বিষাক্ত সুৰাই গোলাঘাট, যোৰহাটৰ বিভিন্ন স্হানত শতাধিকৰো লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ পিছতো সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত অবৈধভাৱে চলি থকা সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৰোধ কৰাৰ বাবে সংলিষ্ট আবকাৰী বিভাগ তথা মাজুলী জিলা প্ৰশাসনে কোনো তৎপৰতা গ্ৰহণ কৰা নাই । গোলাঘাট, যোৰহাটত সংঘটিত মৰ্মান্তিক হৃদয় বিদাৰক অপ্ৰত্যাশিত ঘটনাই শতিকাৰ সৰ্ববৃহৎ ঘটনা হিচাপে ৰাজ্যখনকে কঁপাই তুলিলেও নদীদ্বীপ মাজুলীৰ আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী হৃদয় গলাব পৰা নাই৷
যদিও বিভিন্ন দল-সংগঠনৰ লগতে বৰপমুৱা গাওঁ উন্নয়ন সমিতি আৰু বৰপমুৱা যুৱক সংঘই বিশেষ তৎপৰতা গ্ৰহণ কৰি অবৈধ চুলাইসহ অবৈধ সুৰাৰ ব্যৱসায় শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি সন্ধিয়া প্ৰায় ৬ বজাত জেংৰাইমুখ তিনিআলিৰ সৈতে ইয়াৰ সংলগ্ন বিভিন্ন গাওঁবোৰত অনুভাষ যন্ত্ৰৰ জৰিয়তে ঘোষণা দিয়ে । বিষাক্ত সুৰা সেৱণ কৰাৰ ফলত গোলাঘাট আৰু যোৰহাট জিলা দুখনত সংঘটিত মানুহৰ মৃত্যুৰ কিৰিলিৰ কথা ঘোষণাত প্ৰকাশ কৰি বৰ্তমান জেংৰাইমুখ অঞ্চলত চলি অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিব লাগিব ।
অন্যথা দুয়োটা সংস্থাই নিজাববীয়াকৈ কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে, ধৰ্মীয় সংস্কৃতিৰ বাহক হিচাপে মাজুলীত সুৰাৰ ব্যৱসায়ৰ বাবে সংলিষ্ট আবকাৰী বিভাগে কোনো অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই যদিও এচাম সুৰা ব্যৱসায়ে চুলাই, মদ তথা বিলাতী মদৰ ব্যৱসায় অবাধ গতিত চলাই আছে। বিশেষকৈ জেংৰাইমুখ তিনিআলি লগতে অবিভক্ত জেংৰাইমুখৰ অন্তৰ্গত বিভিন্ন গাঁৱত এই অবৈধ ব্যৱসায় এতিয়া সহজ লভ্য হৈ পৰিছে ।
তদুপৰি উজনি মাজুলীৰ নয়াবজাৰ তথা বিভিন্ন গাওঁ, লুহিতপৰীয়া, উজনি চেৰপাই, ফুলনি চাৰিআলি, কাৰ্কিচুক, নাগনচুক, তামোলনী, গড়মূৰ, বালিচাপৰি, কমলাবাৰী, বনগাঁও আদি বিভিন্ন ব্যৱসায়িক কেন্দ্ৰসমূহৰ উপৰিও বহু ভিতৰুৱা বিভিন্ন গাঁৱত সহজে গঢ় লৈ উঠিছে অবৈধ চুলাই, মদৰ ঘাটি ।
এইক্ষেত্ৰত সংলিষ্ট আবকাৰী বিভাগে কেতিয়াবা তৎপৰতা গ্ৰহণ কৰা দেখা যায় যদিও প্ৰায় সময় ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা দেখা যায় । ফলত সমাজৰ আগশাৰী ব্যক্তিৰ লগতে নৱপ্ৰজন্মৰ মাজতো ই সাংঘাতিক ধৰণে কুপ্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যান্ত্ৰিক যুগৰ সমান্তৰালভাৱে বহুতকে এলেহুৱা কৰি তোলাৰ লগে লগে একাংশ লোকৰ বাবে এতিয়া চুলাই, মদ তথা জোৱাৰ আদ্দা হৈছে একমাত্ৰ অৱসৰ বিনোদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত।
- Log in to post comments
- 7 views