বিষাক্ত সুৰা সেৱন কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত ডেৰ শতাধিকতকৈও অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত মৰ্মাহত হৈ আজি গুৱাহাটী মহানগৰীৰ জু-নাৰেঙ্গী তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
আজি সন্ধিয়া ৬ বজাত জু-নাৰেঙ্গী ব্যৱসায়ী সন্থাৰ উদ্যোগত জু-তিনিআলিত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অঞ্চলটোৰ ব্যৱসায়ীকে ধৰি প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।
মৃতকৰ আত্মাৰ সদ্গতি বিচাৰি অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে উপস্থিত লোকসকলে এই পৰ্যন্ত চৰকাৰে প্ৰদৰ্শন কৰি অহা উদাসীনতাতো ক্ষোভ উজাৰে।
অনুষ্ঠানটোত বিশিষ্ট বুদ্ধিজীৱি তথা সাংবাদিক অদীপ ফুকনে অংশ গ্ৰহণ কৰি ৰাজ্য কঁপোৱা চুলাই কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মৰ ধ্বংসকাৰী এই সুৰাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
জু-নাৰেঙ্গী ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন ভট্টাচাৰ্যই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে।
- Log in to post comments
- 12 views