৫০০ কোটীটকীয়া বীমা কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

insurence_

৫০০ কোটীটকীয়া বীমা কেলেংকাৰীৰ মূল অভিযুক্ত মাণিক আলী আৰক্ষীৰ জালত। সোমবাৰে বৰপেটা আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাণিক আলীক। প্ৰায় ৬ মাহ ধৰি পলাতক আছিল মাণিক আলী। মৃত ব্যক্তি আৰু অস্তিত্বহীন লোকৰ ভুৱা নামত বীমাৰ ধন মোকলাই নিয়াৰ অভিযোগত অভিযুক্ত মাণিক। মাণিক আলীৰ বিৰুদ্ধে চলিছিল উচ্চ ন্যায়ালয়ত গোচৰ।
 উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল মাণিল আলীৰ জামিন আবেদন। 

ইয়াৰ পিছতে পলাতক হৈ আছিল অভিযুক্তজন। ধৃত লোকজনৰ ঘৰ বৰপেটাৰ কাদাঙৰ ইছলামপুৰত। জীৱন বীমা নিগমৰ এজেণ্ট মাণিক আলীয়ে পিছলৈ জীৱন বীমাৰ ইনভেষ্টিগেটৰ হিচাপে কাম কৰিছিল। মেক্স ডিএলফ, বাজাজ এলায়েঞ্চৰো ইনভেষ্টিগেটৰ আছিল মাণিক আলী। এতিয়ালৈকে বীমা কেলেংকাৰীত জড়িত ১৯জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

Your Comments