অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পদত্যাগ কৰিব পাৰে!

arunachal_pradesh

অৰুণাচল প্ৰদেশত প্ৰৱৰ্তন কৰা হ'ব পাৰে ৰাষ্ট্ৰপতি শাসন। ৬ টা জনগোষ্ঠীক স্থায়ী  বাসিন্দাৰ স্বীকৃতি প্ৰদানৰ চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ৰাজধানী ইটানগৰত অব্যাহত আছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা প্রত্যক্ষ কৰি কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে।

জনগোষ্ঠীকেইটাক স্থায়ী বাসিন্দাৰ স্বীকৃতিৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ পিছতো তুমুল প্ৰতিবাদ অব্যাহত আছে।দুজন প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পিছত অতিকৈ ক্ষুদ্ধ সমূহ প্ৰতিবাদকাৰী।অসহায় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পদত্যাগৰ চিন্তা কৰিছে।

Your Comments