বাংগালুৰুত অনুষ্ঠিত হৈ থকা এয়ৰ' ইণ্ডিয়া ২০১৯ এয়াৰ শ্ব'ত শ্বাটলাৰ পিভি সিন্ধুৱে উৰুৱালে দেশীয়ভাৱে নিৰ্মিত লাইট কম্বেট এয়াৰ ক্ৰাফ্ট তেজস৷ উল্লেখ্য সহযোগী পাইলট হিচাপে দুখন আসনবিশিষ্ট এই এয়াৰ ক্ৰাফ্ট উৰুওৱা সিন্ধু হ'ল দেশৰ আটাইতকৈ কম বয়সীয়া পাইলট৷ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সিন্ধুৱে কয় যে তেওঁ এই বিমানৰ পাইলট হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰে৷ ''নিশ্চিতভাৱে এইটো এক ডাঙৰ অভিজ্ঞতা, ডাঙৰ সুযোগ আৰু এই সন্মান প্ৰদান কৰাৰ বাবে মই গৌৰৱান্বিত৷
কেপ্টেইনে মোক সকলোধৰণৰ উৰণ কৌশল শিকায়৷" য়ালাহেংকা এয়াৰ বেছত সাংবাদিকৰ সৈতে হোৱা কথাবাৰ্তাত সিন্ধুৱে এনেদৰে কয়৷ সিন্ধুৱে উইং কামাণ্ডাৰ সিদ্ধাৰ্থ সিঙৰ সৈতে এই এয়াৰ ক্ৰাফ্টখন উৰুৱায়৷ "তেওঁ মুহূৰ্ততে উচ্চতা আৰু গতি আয়ত্ত কৰে৷ আমি ওচৰৰ এটা বান্ধত কিছু আক্ৰমণো চলাওঁ৷ তেওঁ নিজে প্ৰায় ৫ মিনিট সময় যুদ্ধ বিমানখন নিয়ন্ত্ৰণ কৰে৷" উইং কামাণ্ডাৰজনে সিন্ধু প্ৰসংগত এনেদৰে কয়৷
বেডমিণ্টন তাৰকাগৰাকীয়ে এয়াৰ শ্ব'ৰ চতুৰ্থদিনা নাৰী দিৱসৰ লগত সংগতি ৰাখি য়ালাহেংকা এয়াৰ বেছত তেজস ফাইটাৰত উৰে৷ তেওঁৰ উপৰি তিনিগৰাকী মহিলা আই এ এফ ফাইটাৰ পাইলটেও এই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰি আধুনিক যুদ্ধ বিমান (দেশীয় আৰু ৰাছিয়ান) উৰুৱায়৷
- Log in to post comments
- 76 views