বিশ্বকাপৰ বাইছ গজৰ যুদ্ধত ভাৰত-পাকিস্তান মুখোমুখি হ'ব নে নহয়, সেইটো সময়ে ক'ব৷ কিন্তু খেলপথাৰৰ বাহিৰত বাক যুদ্ধ আৰম্ভ কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিয়ানক জাভেদ মিঞাদাদে৷ পুলৱামাৰ ভাৰতীয় সেনাৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনাৰ তীব্র নিন্দাত ফাটি পৰিছে সকলো মহল৷ পাক সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত প্রাণ হেৰুৱায় ভাৰতৰ ৪০জন জোৱানে৷ ইয়াৰ পিছতে বন্ধু ইমৰাণক ‘নতুন পাকিস্তান’ৰ এই ৰূপৰ ওপৰত প্রশ্ন তুলিছে সুনীল গাভাস্কাৰে৷ কেৱল গাভাস্কাৰেই নহয়, সমগ্ৰ ক্রিকেট মহলৰ প্রত্যেকেই পুলৱামা কাণ্ডৰ তীব্র প্রতিবাদ জনাইছে৷
অন্যতকৈ এখোপ আগবাঢ়ি স্বভাৱজাত আক্ৰমণেৰে খেল পথাৰৰ বাহিৰলৈ বল মাৰি পঠিয়াইছে ভাৰতৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে৷ কাশ্মীৰৰ বৰ্বৰ আক্ৰমণৰ প্রতিক্রিয়া প্ৰকাশ কৰি গাংগুলীয়ে কয়, ‘কেৱল ক্রিকেটেই নহয়৷ সকলো খেলতেই পাকিস্তানৰ সৈতে ভাৰতে সম্পর্ক ছিন্ন কৰা উচিত৷’ গাংগুলীৰ এই বক্তব্যৰ প্ৰতি তীৰ্যক মন্তব্য প্ৰকাশ কৰি মিঞাদাদে কয়, 'সৌৰভ গাংগুলী মুখ্য মন্ত্রী হ'ব বিচাৰিছে, সেই কাৰণে তেওঁ ৰাজনীতি কৰিছে৷'
- Log in to post comments
- 56 views