পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰীসকলক দেশৰ বিভিন্ন প্ৰান্তত কৰি অহা নিৰ্যাতন প্ৰসংগত কঠোৰ হৈছে প্ৰধান মন্ত্ৰী৷ পুলৱামা ঘটনাৰ আলম লৈ কাশ্মীৰৰ নাগৰিকসকলক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ লক্ষ্য কৰি লোৱা বিভিন্ন ঘটনা পোহৰলৈ অহাৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে ঘটনা সংঘটিত কৰাসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে৷ বিগত প্ৰায় এসপ্তাহ ধৰি বিভিন্ন ৰাজ্যত কাশ্মীৰীসকলৰ ওপৰত চলাই অহা নিৰ্যাতন সন্দৰ্ভত আজি প্ৰধান মন্ত্ৰী মোডীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
''আমাৰ যুদ্ধ কাশ্মীৰৰ বাবেহে, কাশ্মীৰীসকলৰ বিপক্ষে নহয়৷... সন্ত্ৰাসবাদৰ বাবে কাশ্মীৰীসকলে সৰ্বাধিক দুৰ্ভোগ ভোগ কৰিবলগা হৈছে, আৰু দেশৰ বাকী অংশই তেওঁলোকৰ সমৰ্থনত থিয় দিব লাগে৷'' ৰাজস্থানৰ এক ৰেলীত অংশগ্ৰহণ কৰি মোডীয়ে এনেদৰে কয়৷ উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত দেশৰ ৪০গৰাকীকৈ চিআৰপিএপ জোৱান ছহিদ হ'বলগা হয়৷ তাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত কাশ্মীৰীসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হোৱাৰ লগতে তেওঁলোকক সামাজিকভাৱে এঘৰীয়া কৰাৰ বিভিন্ন ঘটনা সংঘটিত হয়৷
এই সন্দৰ্ভত শুকুৰবাৰে দেশৰ ১০খন ৰাজ্যক কঠোৰ সকীয়নি প্ৰদান কৰি এনেধৰণৰ ঘটনা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ পশ্চিমবংগৰ পৰা জম্মুলৈ বহুতো কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীক প্ৰহাৰ কৰাৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ দাখিল কৰিছে৷ শতাধিক কাশ্মীৰীয়ে এই অত্যাচাৰৰ বলি হৈ ইতিমধ্যে নিজ ৰাজ্যলৈ উভতি গৈছে৷ উল্লেখনীয় কথাটো হ'ল, আজি প্ৰধান মন্ত্ৰীয়ে এই সম্পৰ্কে বক্তব্য ৰখাৰ পূৰ্বলৈকে বিজেপি দলৰ কোনো জ্যেষ্ঠ নেতাই কিন্তু এই অত্যাচাৰৰ বিপক্ষে মাত মতা নাছিল৷ ইয়াৰ বিপৰীতে বিজেপিৰ মিত্ৰ দল শিৰোমণি আকালি দল আৰু শিৱসেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷
- Log in to post comments
- 22 views