সময় আহিছে শক্তিশালী আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ : বিদ্যা বালান

সময় আহিছে শক্তিশালী আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ : বিদ্যা বালান

পুলৱামাৰ সন্ত্রাসবাদী আক্ৰমণৰ নিন্দা আৰু প্রতিবাদকল্পে বলীউডৰ শিল্পী সমাজে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্রী বিদ্যা বালানে। পাকিস্তানৰ শিল্পীক ভাৰতত কাম কৰাৰ সুযোগ কাঢ়ি লোৱা আৰু পাকিস্তানত ভাৰতীয় চলচ্চিত্র মুক্তি নিদিয়াৰ সিদ্ধান্তক সমর্থন কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্রী বিদ্যা বালানে৷ শুকুৰবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, “সময় আহিছে শক্তিশালী আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ।” অভিনেত্রীগৰাকীৰ প্রথম ৰেডিঅ' শ্ব' ‘ধুন বদল কে তো দেখো'ৰ শুভ উদ্বোধনী অনুষ্ঠানত বিদ্যাই কয়, “যদিও আমি সদায় বিশ্বাস কৰো যে কলাক সকলো সীমা আৰু ৰাজনীতিৰ পৰা দূৰৈত ৰখা উচিত, তথাপি বৰ্তমান অৱস্থাত আমি ভাবো আমি এই মুহূৰ্তত ইয়াৰ পৃথক চিন্তা কৰিব লাগে। যথেষ্ট হৈছে।"

সংস্কৃতিক ৰজনীতিৰ পৰা দূৰৈত ৰখা উচিত নে অনুচিত সম্পৰ্কত বিদ্যা বালানক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এজন মানুহ হিচাপে আমি বিশ্বাস কৰো যে মানুহক সংস্কৃতিৰ বাহিৰে অধিক আন কোনো শক্তিয়ে একত্রিত কৰিব নোৱাৰে। সেয় লাগিলে সঙ্গীত, কবিতা, নৃত্য, নাটক, চলচ্চিত্ৰ বা অন্য কোনো শিল্প মাধ্যমেই নহওক কিয়। কিন্তু এই সময়ত আমাৰ মনে কয় যে আমাৰ এই অভ্যাসৰ পৰা বৰ্তমান দূৰৈত থকা উচিত আৰু ভৱিষ্যতৰ বাবে কি কৰিব পৰা যায় তাক ভবা দৰকা। যিয়েই নহওক কিয়, এই পৰিস্থিতিত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব!” 

আনহাতে, অভিনেত্ৰী পল্লৱী যোশীয়ে পুলৱামা ট্ৰেজেডী সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘জাতীয়তাবোধৰ সৈতে ব্যক্তি বা ৰাজনৈতিক দলৰ কোনো সম্পর্ক নাই৷'

উল্লেখ্য যে ১৯৮০ৰ দশকত জম্মু-কাশ্মীৰত সন্ত্রাসবাদৰ সূত্রপাত হোৱাৰ পিছত অঞ্চলটোত সাম্প্রতিক এই আক্ৰমণৰ ঘটনা হ'ল ইতিহাসৰ সবাতোকৈ ডাঙৰ আক্রমণ। ১৪ ফেব্রুৱাৰীৰ আত্মঘাতী বোমা আক্ৰমণত পুলৱামা জিলাত ৪০জন চিআৰপিএফ সেনা নিহত হয়। পিছত পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জঈছ-ই-মহম্মদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

Your Comments