দেশ তথা বিচিচিআয়ে গ্ৰহণ কৰা সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন আগবঢ়াম : বিৰাট কোহলী

দেশ তথা বিচিচিআয়ে গ্ৰহণ কৰা সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন আগবঢ়াম : বিৰাট কোহলী

বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে খেলত অংশগ্ৰহণ কৰা-নকৰাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত আছে৷ তেনে সময়তে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে এই সম্পৰ্কত আজি নিজৰ মন্তব্য প্ৰকাশ কৰিছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে সংবাদমেলত অংশগ্ৰহণ কৰি তেওঁ এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে৷ সংবাদমেলত তেওঁ প্ৰকাশ কৰে যে পাকিস্তানৰ বিপক্ষে খেলত অংশগ্ৰহণ সম্পৰ্কত চৰকাৰ তথা বিচিচিআয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ আৰু তেওঁৰ দলে তাক সম্পূৰ্ণভাৱে পালন কৰিব৷

উল্লেখ্য যে বিশ্বকাপৰ সূচী অনুসৰি ভাৰত-পাকিস্তানৰ প্ৰথম খেল অনুষ্ঠিত হ'ব ১৬ জুনত মানচেষ্টাৰত৷ অৱশ্যে এই খেলত অংশগ্ৰহণ কৰা বা নকৰাক লৈ দুয়োখন দেশৰ ক্ৰিকেট বোৰ্ডৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা নাই৷ "পুলৱামাত নিহত চিআৰপিএফৰ জোৱানসকললৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো৷ ৰাষ্ট্ৰই যি কৰাটো বিচাৰে আৰু বিচিচিআয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে তাক আমি পূৰ্ণ সমৰ্থন কৰিম৷'' ৱিজাগত সংবাদমেল সম্বোধন কৰি কোহলীয়ে এনেদৰে কয়৷ 

Your Comments