অৰুণাচলত অগ্নিগৰ্ভা পৰিস্থিতি : হোটেলত আবদ্ধ অসমৰ বহুকেইগৰাকী চলচ্চিত্ৰ কৰ্মী

অৰুণাচলত অগ্নিগৰ্ভা পৰিস্থিতি : হোটেলত আবদ্ধ অসমৰ বহুকেইগৰাকী চলচ্চিত্ৰ কৰ্মী

অগ্নিগৰ্ভা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ৷ মৰাণ আৰু দেউৰী জনগোষ্ঠীক অৰুণাচলৰ স্থায়ী বাসিন্দাৰ স্বীকৃতি দিয়াৰ চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ইটানগৰত ব্যাপক প্ৰতিবাদ৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জনগোষ্ঠীৰ লোকে৷ শুকুৰবাৰৰ দিনৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ নিশাৰ ভাগলৈ হিংসাত্মক হৈ পৰে৷ ৰাজপথত কেইবাখনো গাড়ী জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে৷ আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী৷

প্ৰতিবাদৰ বাবে বাতিল কৰিবলগীয়া হৈছে ইটানগৰ ফিল্ম ফেষ্টিভেল৷ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ কেইবাজনো কলা-কুশলী, চলচ্চিত্ৰ নিৰ্মাতা আবদ্ধ হৈ পৰিছে৷ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ 'বুলবুল কেন ছিং' ছবিখনৰ শিল্পী, কলা-কুশলীসকলো ইটানগৰৰ এখন হোটেলত আবদ্ধ হৈ আছে৷ জানিব পৰামতে উৎপল বৰপূজাৰী, সঞ্জীৱ ভূঞা, মঞ্জু বৰা, কিশোৰ নাথ, যদুমণি দত্ত আদি অসমৰ চলচ্চিত্ৰ জগতৰ ব্যক্তিসকল ইটানগৰৰ হোটেলত আছে৷ তেওঁলোক নিৰাপদে আছে বুলি জানিব পৰা গৈছে৷  

Your Comments