বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩জনলৈ বৃদ্ধি

বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্য ৯৩জনলৈ বৃদ্ধি

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩জনলৈ বৃদ্ধি পাইছে৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ২০০জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে৷ ইয়াৰে কেইবাজনো লোকৰ অৱস্থা গুৰুতৰ৷ আজি পুৱা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনত ভৰ্তি লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷

ইফালে গোলাঘাট জিলাত চুলাইৰ প্ৰস্তুত আৰু বিক্ৰী কৰা ৫গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে৷ ডিমৌত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৱকাৰী বিভাগে অভিযান চলাইছে৷ গোলাঘাট জিলাৰ গ্ৰামাঞ্চলত অবৈধ সুৰাৰ ঘাটি লণ্ডভণ্ড কৰিছে ক্ষুব্ধ গঞাই৷ ৰাইজে আৱকাৰী বিষয়া-কৰ্মী আৰু সুৰা ব্যৱসায়ীৰ মাজত গোপন বুজাবুজিৰ অভিযোগ তুলিছে৷

Your Comments