পুলৱামা প্ৰসংগত পাকিস্তানৰ সংগ এৰি ভাৰতৰ পক্ষত চীন

পুলৱামা প্ৰসংগত পাকিস্তানৰ সংগ এৰি ভাৰতৰ পক্ষত চীন

পুলৱামাৰ ঘটনাক লৈ চীনৰ স্থিতি সলনি। এইবাৰ পাকিস্তানৰ সংগ এৰি চীনে লৈছে ভাৰতৰ পক্ষ। উল্লেখ্য যে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জঈছ-ই-মহম্মদক জগৰীয়া কৰি ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে গৰিহণা প্ৰদান কৰি প্ৰকাশ কৰিছিল বিবৃতি৷ এই বিবৃতিত সমৰ্থন জনাইছে চীনে।

এই ক্ষেত্ৰত ভাৰতে উত্থাপন কৰা প্ৰস্তাৱত ইউ এন এছ চিৰ ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু ১০খন অস্থায়ী সদস্য ৰাষ্ট্ৰই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে৷ ইয়াৰ ভিতৰত চীনো এখন। লগতে ইউ এন এছ চিয়ে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক জঘন্য আখ্যা দিয়ে। আনহাতে, ঘটনাত জড়িত দোষীয়ে উচিত শাস্তি লাভ কৰাৰো পোষকতা কৰে সুৰক্ষা পৰিষদে।
 

Your Comments