বঙাইগাঁৱত ২০১৮ বৰ্ষত ২২৪টা পথ দুৰ্ঘটনাত ১১৪ জন লোকৰ মৃত্যু

bongagaon_dc_news

বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ প্ৰথমখন সভা বুধবাৰে জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৷ সভাত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনামৰ্মে দুৰ্ঘটনাত ১০ শতাংশ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে সমিতিৰ সদস্যসকলে দুৰ্ঘটনাৰ কাৰণসমূহ পৰ্যালোচনা কৰে ৷ আনহাতে সভাত জিলা উপায়ুক্তগৰাকীয়ে কয় যে বঙাইগাঁও জিলাত পথ দুৰ্ঘটনা একেবাৰে নাইকিয়া কৰাৰ বাবে আমি যত্নপৰ হ'ব লাগিব ৷

তাৰ বাবে আমি প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ তেওঁ আৰু কয় যে সঘনাই দুৰ্ঘটনা হোৱা ঠাইৰ লোকক মাতি আনি সেই ঠাইতে পৰিবহণ বিভাগ, গড়কাপ্তানী পথ বিভাগ তথা আৰক্ষীৰ লোক উপস্থিত থাকি লোকসকলৰ মাজত সজাগতা সভা পাতিব লাগিব ৷ তদুপৰি তেওঁ ভুল দিশেৰে পথত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা দিবলৈ আহ্বান জনায় ৷

যদি কোনোবাই ৰাষ্ট্ৰীয় ঘাইপথৰ মধ্যস্থান ভাঙে তেতিয়াহ'লে তেনেকুৱা লোকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক এজাহাৰ দিবলৈকো নিৰ্দেশ দিয়ে ৷ সভাত সমিতিৰ সদস্য অধিবক্তা হৰেশ্বৰ দাসে বঙাইগাঁও চহৰৰ পথৰ মাটি বেদখল কৰা তথা পাৰ্কিং ঠাই নোহোৱাৰ বিষয়ে দিয়া বক্তব্যৰ বিপৰীতে জিলা উপায়ুক্ত খানে কয় যে তেওঁ ইতিমধ্যে ৰঙিয়া ৰে'ল সংমণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধকৰ লগত বঙাইগাঁও ৰে'লৱে ফুট ব্ৰীজৰ ওচৰৰ খালী ঠাইত অটো পাৰ্কিং ঠাই কৰাৰ বাবে আলোচনা কৰা বুলি সভাত জনায় ৷

আনহাতে বঙাইগাঁও চহৰৰ পথৰ ওপৰত হোৱা বেদখল উচ্ছেদ কৰাৰ বাবে বঙাইগাঁও পৌৰসভাৰ সভাপতি আৰু অভয়াপুৰী চহৰৰ বেদখলৰ বাবে নগৰ সমিতিৰ সভাপতি তথা সংশ্লিষ্ট চক্ৰ বিষয়াক দায়িত্ব দিয়া হ'ব বুলি সভাত জনায় ৷ ইপিনে ব্যক্তিগত বিদ্যালয়সমূহৰ বাহনত যাতে অত্যাধিক ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিনিয়ে তাৰ বাবে বিদ্যালয় প্ৰধানসকলক জনাবলৈ বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

সেইদৰে দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে তেল ডিপোসমূহত ন' হেলমেট ন' ফুৱেল' নীতি গ্ৰহণ কৰিবলৈ তেল ডিপোসমূহৰ মালিকসকলক নিৰ্দেশনা দিয়াৰ পোষকতা কৰা হয় ৷ যদিহে মালিকসকলে এই নিৰ্দেশনা অমান্য কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰ লগতে বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে কয় ৷ একেদৰে যিসকল অভিভাৱকে কম বয়সৰ ল'ৰা-ছোৱালীক পথত গাড়ী চলাবলৈ এৰি দিয়ে, তেনেকুৱা অভিভাৱকৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সভাত জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই কয় যে পথ দুৰ্ঘটা হ্ৰাস কৰাৰ বাবে হেলমেট পৰিধান নকৰা, চীট বেল্ট ব্যৱহাৰ নকৰা, অতিমাত্ৰা বোজাই তথা তীব্ৰ গতিত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা আদিৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে ৷ লগতে ঠায়ে ঠায়ে পথ সজাগতাৰ বাবে বাটৰ নাটো কৰা বুলি তেওঁ জনায় ৷ বিভিন্ন বিদ্যালয়তো পৰিদৰ্শকৰ লগত আলোচনামৰ্মে সজাগতা সভা পাতি থকা হৈছে বুলি উল্লেখ কৰে ৷

তেওঁ বিগত বৰ্ষত চাৰি হাজাৰতকৈও অধিক যান-বাহন আইন ভংগৰ গোচৰ ৰুজু কৰাৰ লগতে ২২১ খন বাহন চালনৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইচেন্স) নিলম্বন কৰা হয় বুলি কৈ অনাগত দিনতো যান-বাহন আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা  গ্ৰহণ কৰি যোৱা হ'ব বুলি উল্লেখ কৰে ৷ সভাত উপ-আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকাই কয় যে বিগত ২০১৮ বৰ্ষত জিলাখনত সংঘটিত ২২৪টা সৰু-বৰ পথ দুৰ্ঘটনাত ১১৪ জন লোকৰ মৃত্যু হৈছে ৷

আনহাতে ২১৭ জনকৈ লোক আহত হোৱা বুলিও কয় ৷ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, ৰাষ্টীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সন্তোষ কুমাৰ নাথ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰত্ন বসুমতাৰী, আৱকাৰী বিভাগৰ উপ-অধীক্ষক চাৰ্চিল ব্ৰক্ষ, যান-বাহন পৰিদৰ্শক অচিন্ত্য সেন, বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান আদিকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল উপস্থিত থাকে ৷

Your Comments