হেলমেট নিপিন্ধা বাইক আৰোহীক পেট্ৰল বঙাইগাঁৱত এছাৰ পেট্ৰ'ল পাম্পৰ দুজন কৰ্মচাৰীক আটক 

bong_helmet-no

'ন' হেলমেট ন' ফুৱেল' নিৰ্দেশনাৰ অংশ হিচাপে বুধবাৰে হৈ যোৱা বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সভাৰ সিদ্ধান্ত অনুসৰি বঙাইগাঁৱৰ পেট্ৰ'ল পাম্পসমূহত বৃহস্পতিবাৰে বঙাইগাঁও আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক তথা এনফোৰ্চমেন্ট পৰিদৰ্শকে যুটীয়াভাৱে অভিযান চলায়।

বাকী পেট্ৰ'ল পাম্পত সকলো ঠিকেই আছিল যদিও বৰপাৰাত থকা 'এছাৰ পেট্ৰল পাম্প'ত ইয়াৰ কৰ্মীয়ে হেলমেট নিপিন্ধা বাইক আৰোহীকো পেট্ৰ'ল দি থকা অভিযানকাৰী দলটোৰ দৃষ্টিগোচৰ হয় । উল্লেখ্য যে পূৰ্বৰ জিলা দণ্ডাধিশে যোৱা ৮ জানুৱাৰীত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা জাৰি কৰি "ন' হেলমেট ন' ফুৱেল" অৰ্থাৎ হেলমেট নিপিন্ধা বাইক আৰোহীক পেট্ৰ'ল বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিছিল।

এই নিৰ্দেশ অমান্য কৰিলে পেট্ৰ'ল পাম্পৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলিও নিৰ্দেশনা জাৰি কৰিছিল৷ আজি অভিযান কালত এই নিৰ্দেশ অবমাননা কৰা হেতু বঙাইগাঁও আৰক্ষীয়ে এছাৰ পেট্ৰ'ল পাম্পৰ দুজন কৰ্মীক আটক কৰে। মূলত বাইক আৰোহী দুৰ্ঘটনাত পতিত হ'লে হেলমেটে যাতে মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে এনেকুৱা নিৰ্দেশনা দিয়া হৈছিল।
 

Your Comments