মহিলা কৰ্মচাৰীক অশালীন ব্যৱহাৰ : খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে গহপুৰ থানাত গোচৰ ৰুজু 

gohpur_bdo_missbishav

মহিলা কৰ্মচাৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ গহপুৰ অঞ্চলত। গহপুৰৰ পূব-ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পৰমা শইকীয়া(৫৩)ই নিজ কাৰ্যালয়ৰ এগৰাকী সম্প্ৰসাৰণ বিষয়াক নিজৰ কোঠালৈ মাতি আনি অসৎ কাৰ্য্য কৰিবলৈ বিচৰাক লৈ এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা কৰ্মচাৰীগৰাকী।

মহিলাগৰাকীয়ে আৰক্ষীক প্ৰদান কৰা এজাহাৰত উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী ৪ তাৰিখে বিডিঅ' পৰমা শইকীয়াই তেওঁৰ কাৰ্যালয়ৰ কোঠালৈ মাতি নি অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ উদ্যত হয়। বিষয়াগৰাকীৰ এনে আচৰণ দেখি মহিলা কৰ্মচাৰীগৰাকীয়ে কোঠাৰ পৰা ওলাই আহিব বিচৰাত পৰমা শইকীয়াই এই কথা বেলেগক নক'বলৈ সকীয়নি প্ৰদান কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে আত্মসন্মানৰ খাতিৰত ঘটনাটো ৰাজহুৱা কৰিব বিচৰা নাছিল যদিও বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰ সন্মুখীন হোৱাত আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য মতে, গহপুৰ থানাত ৬৪/২০১৯ নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪(বি)/৩৪১/২৯৪/৫০৬ ধাৰাত গোচৰ পঞ্জীয়ন হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, খণ্ড উন্নয়ন বিষয়া পৰমা শইকীয়াই এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰিছে। গহপুৰৰ সচেতন ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী তুলিছে৷

Your Comments