সাংবাদিকে গৃহমন্ত্ৰী ৰাজনাথ সিঙক প্ৰশ্ন কৰিলে- পাকিস্তানত ওছামা-বিন-লাডেনৰ ওপৰত আমেৰিকাৰ কমাণ্ডোৱে চলোৱাৰ দৰে ভাৰতেও অভিযান চলাব নেকি? উত্তৰত ৰাজনাথ সিঙে ক'লে- ওছামাৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আমেৰিকাক আঢ়ৈ বছৰ সময় লাগিছিল৷
আমাৰ ইমান সময় নালাগে৷ আপোনালোকে অপেক্ষা কৰক৷ দেশ নিৰাশ হ'ব নালাগিব৷ 'আজটক' নিউজ চেনেলত সাক্ষাৎকাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত এই বুলি মত ব্যক্ত কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ ৰাজনাথ সিঙৰ এই বক্তব্যৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক অভিযান চলোৱাৰ সম্ভাৱনা অধিক শক্তিশালী হৈছে বুলি সচেতন মহলত চৰ্চা হৈছে৷
- Log in to post comments
- 62 views