ৰাজ্যৰ এগৰাকী এআইইউডিএফ আৰু এগৰাকী নিৰ্দলীয় সাংসদে কংগ্ৰেছত যোগদান কৰিব পাৰে৷ সম্প্ৰতি অসমৰ ৰাজনৈতিক মহলত এই চৰ্চাই বিশেষ গুৰুত্ব লাভ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, সাংসদ দুজন হ'ল- কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ ৰাধেশ্যাম বিশ্বাস আৰু কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷ প্ৰায় ৭০ শতাংশ সংখ্যালঘু ভোটাৰ থকা কৰিমগঞ্জ লোকসভা সমষ্টি এআইইউডিএফ-এ পুনৰ দখল কৰিব নোৱাৰে বুলি একপ্ৰকাৰ নিশ্চিত হৈছে সাংসদ বিশ্বাস৷
ৰাজ্যৰ সংখ্যালঘু জনতাৰ মাজত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ জনপ্ৰিয়তা দ্ৰুতভাৱে হ্ৰাস পোৱাৰ পৰিপেক্ষিতত আগন্তুক লোকসভা নিৰ্বাচনত কৰিমগঞ্জত পৰাজিত হোৱাৰ শংকাত ভুগিছে সাংসদ ৰাধেশ্যাম বিশ্বাস৷ নিজৰ ৰাজনৈতিক কেৰিয়াৰ সাফল্যমণ্ডিত কৰি ৰখাৰ লক্ষ্যৰেই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ চিন্তা কৰিছে সাংসদ বিশ্বাসে৷ কংগ্ৰেছে টিকট দিয়াৰ নিশ্চয়তা প্ৰদান কৰিলেই তেওঁ দলত্যাগ কৰিব৷ কিন্তু জানিব পৰা মতে, কংগ্ৰেছে সাংসদ বিশ্বাসক দললৈ আদৰণি জনাইছে যদিও টিকট দিয়াৰ নিশ্চয়তা প্ৰদান কৰা নাই৷
আনহাতে, সাংসদ নৱ কুমাৰ শৰণীয়াক কংগ্ৰেছত যোগ দিয়াৰ বাবে দলটোবে প্ৰস্তাৱ আগবঢ়াইছে৷ কোকৰাঝাৰত বড়ো জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ পক্ষত নাই কংগ্ৰেছ৷ সমষ্টিটোত অবড়ো ভোট একত্ৰিত হৈ এজন প্ৰাৰ্থীক জয় কৰাব পাৰে বুলি কংগ্ৰেছৰ বিশ্বাস৷ সমষ্টিটোত পুনৰ নৱ শৰণীয়াই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু কংগ্ৰেছেও প্ৰাৰ্থী দিলে ভোট বিভাজন হৈ বিপিএফ লাভৱান হ'ব বুলি কংগ্ৰেছে ৰাজনৈতিক বিশ্লেষণ কৰিছে৷
যদিহে নৱ শৰণীয়াই কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰে, অবড়ো ভোটাৰৰ সমৰ্থনত সমষ্টিটো দলটোৱে লাভ কৰিব পাৰে৷ সেইবাবে শৰণীয়াক কংগ্ৰেছত যোগ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ যদি শৰণীয়াই পুনৰ নিৰ্দলীয়ভাৱে কোকৰাঝাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, কংগ্ৰেছে তেওঁক সমৰ্থন আগবঢ়াব পাৰে৷ অনাগত কিছুদিনৰ ভিতৰতে ৰাজনৈতিক যোগ-বিয়োগৰ ভিত্তিত সাংসদ দুজনে কংগ্ৰেছত যোগ দিয়া-নিদিয়াটো নিশ্চিত হ'ব৷
- Log in to post comments
- 197 views