'বেটী বচাও বেটী পঢ়াও'ৰ লগত সংযোগ কৰক 'বেটী কামাও'

ৰ

নাৰী সৱলীকৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা 'বেটী বচাও, বেটী পঢ়াও' শীৰ্ষক অভিলাষী আঁচনিৰ লগত 'বেটী কামাও' বিষয়টোও সংযোজন কৰা উচিত বুলি পৰামৰ্শ আগবঢ়াইছে ভাৰতস্থিত বিশ্ব বেংকৰ মুৰব্বী প্ৰধান জুনেইদ আহমেদে।মুম্বাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ নিজৰ ব্যক্তিত্ব প্ৰদান কৰে যে- ভাৰতৰ যথেষ্ট সংখ্যাক মহিলাই কর্মসংস্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে। দেশৰ অৰ্থনীতি নগৰকেন্দ্ৰিক হবলৈ ধৰাৰ সময়তে চাকৰি বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত নাৰীসকলে সমান সুযোগ পোৱাৰ পৰা বঞ্চিত হোৱা দেখা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যেতিয়া বিভিন্ন জনসভাত ভাষণ প্ৰশংসাত বেটী বচা১ও বেটী পঢ়াও আঁচনি কথা কয়, তেতিয়া আমি মনোযোগৰে শুনি থাকো। কিন্তু এই আঁচনিখনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ মূল বিষয় বেটী কামাও হ'ব লাগিছিল বুলি মন্তব্য কৰে অনুষ্ঠানটোত মুৰব্বী প্ৰধানগৰাকীয়ে।

Your Comments