গাল্ফ নিউজেৰে সাক্ষাৎকাৰ : বাংলাদেশত হিন্দু অসুৰক্ষিত হোৱাটো অস্বীকাৰ শ্বেখ হাছিনাৰ

hasina_banladesh_pm

'বিধেয়কখন নিৰ্বাচনী লক্ষ্য পূৰণৰ বাবে নেকি?'


কিয় এইখন বিধেয়ক... মই বুজি পোৱা নাই? এইখন নিৰ্বাচনী লক্ষ্য পূৰণৰ বাবে নেকি?- এই প্ৰশ্ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে যিখন বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, সেই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত শ্বেখ হাছিনাৰ উল্লিখিত প্ৰশ্ন৷

সংযুক্ত আৰব এমিৰেটছৰ 'গাল্ফ নিউজ'ৰে এটা সাক্ষাৎকাৰত বিধেয়কখনৰ সন্দৰ্ভত এনে ধৰণেৰে প্ৰশ্ন উত্থাপন কৰে হাছিনাই৷ বাংলাদেশকে ধৰি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা হিন্দু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰ বিধেয়কখন সন্দৰ্ভত শ্বেখ হাছিনাই উক্ত সাক্ষাৎকাৰটোত নিজস্ব অভিমত ব্যক্ত কৰে৷ হাছিনাই কয় তেওঁ নাভাবে যে ভাৰতৰ লোকসভাত গৃহীত বিধেয়কখনৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘুৰ নিৰ্যাতনৰ বাবে বাংলাদেশক জগৰীয়া কৰিবলৈ বিচৰা হৈছে৷

'বাংলাদেশত এনে কোনো ধৰ্মীয় বৈষম্য নাই৷ কিছু ঘটনা ঘটিছিল৷ কিন্তু আমি তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ- শ্বেখ হাছিনাই মন্তব্য কৰে৷ হাছিনাই লগতে কয়- সাম্প্ৰদায়িকতাবাদ আৰু সন্ত্ৰাসবাদ বৈশ্বিক সমস্যা৷ কেৱল বাংলাদেশতেই যে এয়া আছে, তেনে নহয়৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰটোত গুৰুত্বপূৰ্ণভাৱে মন্তব্য কৰে যে ভাৰতৰ জনতা বিধেয়কখনৰ সন্দৰ্ভত সুখী নহয়৷

ভাৰত উত্তেজনা বৃদ্ধিকাৰী কোনো পদক্ষেপ গ্ৰহণ নকৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ আবু ধাবীত গাল্ফ নিউজৰে শ্বেখ হাছিনাৰ সাক্ষাৎকাৰটোত এটা কথাই স্পষ্ট হয় যে বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰসকলৰ ওপৰত কোনো গুৰুতৰ ধৰ্মীয় নিৰ্যাতন বৰ্তমান সংঘটিত হোৱা নাই৷ যিকেইটামান ধৰ্মীয় নিৰ্যাতনৰ ঘটনা ঘটিছিল, তাৰ অপৰাধীসকলৰ বিৰুদ্ধে হাছিনাৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে৷

মিত্ৰ ৰাষ্ট্ৰৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদিও বিধেয়কখন লোকসভা নিৰ্বাচনকেন্দ্ৰিক বুলি নৰম সুৰতেই প্ৰশ্ন উত্থাপন কৰিছে, তেওঁ ঠিকেই বুজি উঠিছে যে বিজেপিয়ে লোকসভা নিৰ্বাচনত ভাৰতৰ হিন্দু ভোট অধিকভাৱে পোৱাৰ লক্ষ্যৰেই বিধেয়কখন লোকসভাত গৃহীত কৰাইছে৷ হাছিনাৰ সাক্ষাৎকাৰত বাংলাদেশত হিন্দুসকল সুৰক্ষিত হৈ থকাটো প্ৰমাণ হোৱাৰ সময়তে অসম তথা উত্তৰ-পূববাসীৰ বিধেয়ক বিৰোধী প্ৰতিবাদতো নায্যতা প্ৰকাশ পাইছে৷ বাংলাদেশত হিন্দু অসুৰক্ষিত বুলি বিজেপিৰ বক্তব্যৰ মিথ্যাচাৰো শ্বেখ হাছিনাৰ বক্তব্যৰ পৰা প্ৰমাণ হৈছে৷ 

Your Comments