কেৱল ক্ৰীড়া বুলিয়েই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰা উচিত ভাৰতে। জন্মু-কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ আঁতধৰি এই প্ৰতিক্ৰিয়া সৌৰভ গাংগুলীৰ। টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে কেৱল ক্ৰিকেট, হকী অথবা ফুটবল বুলিয়েই নহয়, ভাৰতে পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ত্যাগ কৰিব লাগে। কিয়নো এই মুহূৰ্তত পাকিস্তানৰ প্ৰতি ভাৰতৰপৰা কঠোৰ বাৰ্তা প্ৰেৰণ কৰাটো অতি জৰুৰী। আনহাতে, বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এখন মেচ নেখেলিলে টীম ইণ্ডিয়াৰ সম্ভাৱনাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে বুলিও মন্তব্য কৰিছে গাংগুলীয়ে।
- Log in to post comments
- 20 views