আজি বিশ্বজুৰি 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' পালন

iml_

আজি বিশ্বজুৰি পালন কৰা হৈছে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'৷ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাৰ্তাৰে ১৯৯৯ চনৰ ১৭ নৱেম্বৰত 'ইউনেস্ক'ই ২১ ফেব্ৰুৱাৰীৰ দিনটোত আন্তৰ্জানিক মাতৃভাষা দিৱস পালনৰ ঘোষণা কৰিছিল৷ বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত পূব পাকিস্তানৰ ঢাকা বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীসকলে সাধাৰণ জনতাৰ সমৰ্থনত এক প্ৰতিবাদী সমদল উলিয়াইছিল৷

কিন্তু উৰ্দু ভাষাকে পাকিস্তানৰ একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে বাহাল ৰাখাত আকোঁৰগোজ পাকিস্তান চৰকাৰে প্ৰতিবাদীসকলৰ ওপৰত গুলী চলাই আন্দোলন মষিমূৰ কৰাৰ প্ৰয়াস কৰিছিল৷ আৰক্ষীৰ গুলী চালনাত পাঁচজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল৷ বাংলা ভাষাক মৰ্যাদা প্ৰদান কৰাৰ বাবে চলোৱা আন্দোলনে সুফল লাভ কৰিছিল আৰু ১৯৫৬ চনত পাকিস্তান চৰকাৰে বাংলা ভাষাক চৰকাৰী মৰ্যাদা প্ৰদান কৰিছিল৷

পূব পাকিস্তান(বাংলাদেশ)ত মা্তৃভাষাৰ সন্মান ৰক্ষাৰ বাবে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত প্ৰাণ দিয়া ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীৰ পৰা আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি অহা হৈছে৷

Your Comments