পুলৱামা আক্ৰমণৰ পিছত এতিয়া দাবী উত্থাপন হৈছে অহা ১৬ জুনত ইংলেণ্ডৰ মানছেষ্টাৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ বিশ্বকাপ ক্ৰিকেটৰ খেল বৰ্জনৰ৷ কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰে ক্ৰিকেটতকৈ দেশ আগত বুলি স্পষ্ট মন্তব্য প্ৰকাশ কৰিছে৷ কিন্তু এই খেলখনৰ বাবে দৰ্শকৰ আগ্ৰহ ব্যাপকভাৱে বৃদ্ধি পাইছে৷
খেলখন অনুষ্ঠিত হ'বলগীয়া অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামৰ ২৫ হাজাৰ আসনৰ বাবে ৪ লাখতকৈ অধিক টিকট বিচৰাৰ আবেদন লাভ কৰিছে বুলি আইচিচিৰ সূত্ৰত প্ৰকাশ পাইছে৷ বৰ্ধিত ৰাজনৈতিক-সামৰিক উত্তেজনাৰ মাজত ক্ৰিকেটৰ খেলপথাৰত দুই পুৰাতন প্ৰতিদ্বিন্দীৰ এখন 'যুঁজ' প্ৰত্যক্ষ কৰাৰ বাবে ক্ৰিকেট প্ৰেমীৰ এতিয়া হিলদল ভাগি উৎসাহ৷
- Log in to post comments
- 89 views