পুলৱামা আক্ৰমণত ছহিদ জোৱানসকলৰ পৰিয়ালৰ কাষত চৰকাৰৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ নাগৰিক থিয় হৈছে৷ পিছ পৰি ৰোৱা নাই একাংশ প্ৰৱাসী ভাৰতীয়ও৷ গুজৰাটৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যোৱা বিবেক পেটেল (২৬) নামৰ যুৱকজনে ছহিদ জোৱানৰ পৰিয়ালৰ সাহাৰ্যৰ বাবে সংগ্ৰহ কৰিছে ৫ কোটিতকৈ অধিক ধন৷
আমেৰিকাত চাকৰি কৰি থকা যুৱকজনে ফেচবুকৰ জৰিয়েত ৪ দিনতে ২ লাখ ৫২ হাজাৰ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰে৷ বৰ্তমানলৈকে বিবেকে ৮ লাখতকৈ অধিক ডলাৰ অৰ্থাৎ ৫.৫ কোটিতকৈ অধিক ভাৰতীয় টকা সাহায্য হিচাপে সংগ্ৰহ কৰিছে৷
কানাডা, জাৰ্মানী, অষ্ট্ৰেলিয়া আদি দেশৰ প্ৰৱাসী ভাৰতীয় বিভিন্ন পৰিমাণৰ পুঁজি আগবঢ়াইছে৷ বিবেক পেটেলৰ এনে প্ৰশংসনীয় প্ৰয়াসৰ জৰিয়তে ছহিদ পৰিয়ালসমূহে নিশ্চিতভাৱে আৰ্থিক নিৰপত্তা লাভ কৰিব৷
- Log in to post comments
- 26 views