অধিক সুদৃঢ় হৈছে সম্পৰ্ক : ৮৫০জন ভাৰতীয় বন্দীক মুকলিৰ নিৰ্দেশ ৰাজকুমাৰ ছলমানৰ

saudi_india_relation

ছৌডি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ ভাৰত ভ্ৰমণৰ পিছত অধিক সুদৃঢ় হৈছে দুয়োখন দেশৰ সম্পৰ্ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভ্ৰমণকালত ছৌডি ৰাজকুমাৰক মানৱীয় দৃষ্টিকোণৰ এটা অনুৰোধ কৰিছিল৷

সেই অনুৰোধটো আছিল ছৌডি আৰবৰ কাৰাগাৰত বন্দী হৈ থকা ৮৫০জন ভাৰতীয় নাগৰিকক মুকলি কৰি দিয়াটো৷ প্ৰধানমন্ত্ৰী মোডীৰ অনুৰোধৰ প্ৰতি তাৎক্ষণিকভাৱে সহাঁৰি জনাই ৰাজকুমাৰ ছলমানে উক্ত বন্দীসকলক মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰে৷ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যে আত্মিক, এয়া তাৰেই প্ৰমাণ হিচাপে চিহ্নিত হৈছে৷  

Your Comments