আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বাধিক ছয় কোবোৱা খেলুৱৈ হিচাপে পৰিগনিত হ'ল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল৷ ৱেষ্ট ইণ্ডিজৰ বাৰ্বাড'জত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ১২টা ছয় কোবাই এই অভিলেখ স্থাপন কৰে ৩৯ বছৰীয়া গেইলে৷ বৰ্তমান ক্ৰিছ গেইলৰ ছয় সংখ্যা ৪৮৮টা৷ ৪৭৬টা ছয় কোবাৱা ছাহিদ আফ্ৰিদিৰ অভিলেখ ভংগ কৰে ৱেষ্ট ইণ্ডিজৰ মাৰমুখী বেটছমেনজনে৷
খেলখনত গেইলে ১২৯টা বলত ১৩৫ ৰাণ (১২টা ছয়, ৩টা চাৰি) কৰে যদিও ৱেষ্ট ইণ্ডিজে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়৷ ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰণ কৰি দিয়া ৩৬০ ৰাণৰ লক্ষ্য ইংলেণ্ডে ৪৮.৪ অভাৰত ৩৬৪ ৰাণ সংগ্ৰহ কৰি অতিক্ৰম কৰে৷
- Log in to post comments
- 43 views