বঙাইগাঁৱৰ গৰাইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে ৫ সহ মুঠ ৭ জন টেম্প' আৰোহীৰ মৃত্যু

bongaigaon_accident

বঙাইগাঁও জিলাৰ গেৰুকাবাৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত গৰাইমাৰীত আজি দিনৰ ডেৰ মান বজাত ট্ৰাক আৰু টেম্প'ৰ মাজত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত টেম্প'খনৰ ৫ জনকৈ আৰোহী ঘটনাস্থলীতে নিহত হয় ৷ আনহাতে দুৰ্ঘটনাটোত আন ৪ জন আৰোহী গুৰুতৰভাৱে আহত হয়৷ পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন ২ জনৰ মৃত্যু হয় ৷ এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ১ নং বাশবাৰী গাঁৱৰ এটা পৰিয়ালৰ ছোৱালীৰ বিয়াৰ বাবে এটা ৯ জনীয়া দলে জিলাখনৰ ৰাখালডুবিৰ সমীপৱৰ্তী দৰকিনামাৰীৰ দৰা পক্ষৰ লগত বিয়াৰ বন্দোৱস্তি চূড়ান্ত কৰি এএছ-২৬-১২৬৩ নম্বৰৰ টেম্প'খনেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত গেৰুকাবাৰীৰ উপ-আৰক্ষী চকী পাৰ হৈ কিছু দূৰ যোৱাৰ পিছতে মাণিকপুৰৰ দিশৰ পৰা ৰাখালডুবি দিশে আহি থকা এইচ আৰ-৬৯ ডি-১৬৫১ নম্বৰৰ ট্ৰাকখনে টেম্পখনক সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷

ট্ৰাক আৰু টেম্প'ৰ এই মুখামুখী সংঘৰ্ষত টেম্পখনত থকা ১নং বাশবাৰীৰ আব্দুচ ছাত্তাৰ (৬০), মোজাম্মিল হ'ক (৫৫), শুকুৰ আলী (৫০), কল্পনা খাতুন আৰু তাইজুদ্দিন নামৰ ১১ বছৰীয়া শিশুটি থিতাতে নিহত হয় ৷ আনহাতে, চামছুল হক, জাহানুদ্দিন, চানোৱাৰ আৰু বাহাতন বেগম নামৰ আৰোহীকেইজন গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ইপিনে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰে আৰু ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰাৰ লগতে ৰাজ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও ক্ষুদ্ধ ৰাইজে জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত নোহোৱালৈকে মৃতদেহ উদ্ধাৰ কৰি নিবলৈ দিয়া নহ'ব বুলি কয় ৷

bong_accident

পিছত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, কাৰ্যবাহী দণ্ডাধীশ তথা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজনি দিয়াত ৰাইজে পথ অৱৰোধ উঠাই লোৱাৰ লগতে মৃতদেহ আনিবলৈ দিয়ে ৷ উল্লেখ্য যে দুৰ্ঘটনাটোত টেম্পখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ লগতে মৃতদেহ পথত ছেদেলি-ভেদেলি হৈ পৰে ৷ আনহাতে, ট্ৰাকখনে নিয়ম উলংঘা কৰি সোঁফালৰ পথেৰে আহি থকাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে ৷

সেইদৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ট্ৰাকখন পলায়ণ কৰে যদিও কিছু দূৰত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷ ইপিনে গুৰুতৰভাৱে আহতসকলক বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পাতালত ভৰ্তি কৰে যদিও পিছত চিকিৎসাধীন অৱস্থাত চামছুল হ'ক আৰু বাহাতন বেগমৰ মৃত্যু হয় ৷ বাকী দুজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ মৃতসকলৰ ভিতৰত আব্দুচ ছাত্তাৰ আৰু ছামছুল হক বেলেগ পৰিয়াৰ যদিও বাকী পাঁচজন লোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি বঙাইগাঁৱৰ উত্তৰ মাজগাঁওস্থিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৃত লোকসকলৰ মৰণোত্তৰ পৰীক্ষা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চলি আছে ৷ এইদৰে শুভ কাৰ্যত ঘৰৰ পৰা ওলাই যোৱা লোকসকলৰ ৭ জনকৈ লোকৰ মৃত্যুত বাশবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে মৃতকৰ পৰিয়ালৰ ঘৰত কান্দোনৰ ৰোল উঠিছে ৷ উল্লেখ্য যে গৰাইমাৰীৰ ওচৰে-পাজৰে প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷
 

Your Comments