অগপৰ কাৰ্যনিৰ্বাহকত লোকসভা নিৰ্বাচনত মিত্ৰতা সম্পৰ্কত নহ'ল কোনো সিদ্ধান্ত। আজি সন্ধিয়া আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক। উপস্থিত থাকে অগপৰ নেতৃবৰ্গ । অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ফণীভূষণ চৌধুৰী, কেশৱ মহন্ত, সত্যব্ৰত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে আন আন নেতাসকল উপস্থিত থাকে। কাৰ্যনিৰ্বাহকত ৰণকৌশল প্ৰস্তুত সমিতি গঠন। লোকসভা নিৰ্বাচনত অগপৰ স্থিতি নিৰ্ধাৰণ কৰিব সমিতিখনে। লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা।
- Log in to post comments
- 90 views