আজি কলাক্ষেত্ৰত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উদ্‌যাপন

আজি কলাক্ষেত্ৰত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উদ্‌যাপন

আজি ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭সংখ্যক ওপজা দিন৷ এই উপলক্ষে আৰোহণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক কলাক্ষেত্ৰত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী৷ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালক প্ৰদান কৰা হ'ব ২০১৮ বৰ্ষৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি বঁটা৷ বঁটা প্ৰদান কৰিব সাহিত্য অকাডেমি বঁটা বিজয়ী, বিশিষ্ট চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই।

অনুষ্ঠানটিত আৰোহণৰ শিশু শিল্পীসকলে গীত-মাত, নৃত্যানুষ্ঠান পৰিবেশন কৰিব। উল্লেখ্য যে ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱত জন্মলাভ কৰা ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা নিউক্লিয়াৰ ফিজিক্স বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল৷ অসমীয়া সাহিত্যৰ পুৰোধা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া একেধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু ছবি পৰিচালক আছিল।

আজি কলাক্ষেত্ৰত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উদ্‌যাপন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা ভবেন্দ্ৰ নাথ শইকীয়া সঁফুৰা আৰু প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতে অনাতাঁৰ নাট, একাঙ্কিকা নাটৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবেও নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল।

ইয়াৰে সাতখন ছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা ৰজতকমল বঁটা লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটাৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
 

Your Comments