পুলৱামাৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি দিয়ক পাকিস্তানে : ট্ৰাম্প

পুলৱামাৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি দিয়ক পাকিস্তানে : ডোনাল্ড ট্ৰাম্প

পুলৱামা আক্ৰমণক অতি ভয়াৱহ আখ্যা দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। লগতে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত মাৰ্কিন প্ৰশাসনে ভাৰত চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ট্ৰাম্পে মন্তব্য কৰে। পুলৱামা আক্ৰমণত জড়িত সন্ত্ৰাসবাদীসকলক যথোচিত শাস্তি প্ৰদান কৰিবলৈ পাকিস্তানক আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে বুলি ট্ৰাম্পে হোৱাইট হাউছৰ এখন সংবাদমেলত কয়।

সমগ্র পৰিস্থিতিৰ প্ৰতি আমেৰিকাই লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰি অতি শীঘ্ৰে এটা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হ'ব বুলি ট্ৰাম্পে মন্তব্য কৰে। আনহাতে, মাৰ্কিন গৃহ বিভাগৰ উপ-মুখপাত্ৰ ৰবাৰ্ট পালাডিন'ৱে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত অনুযায়ী কোনো দেশেই জঈছ-ই-মহম্মদৰ দৰে সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়া উচিত নহয়।

Your Comments