আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ নিৰ্মূল সন্দৰ্ভত ছৌদী আৰবৰে ভাৰতৰ আলোচনা

modi-saudi_prince

পাকিস্তানক বিভিন্ন সময়ত আৰ্থিকভাৱে সহায় কৰি অহা দেশ  ছৌদী আৰবৰ  ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান সম্প্ৰতি ভাৰত ভ্ৰমণত।মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক দিল্লীৰ পালম বিমানবন্দৰত আদৰণি জনোৱাৰ পিছত আজি তেওঁ বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত ভ্ৰমণলৈ অহা ছলমানৰ সৈতে আজি প্ৰধান মন্ত্ৰী মোডীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্ৰাসবাদ নিৰ্মূল সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰিব।

সন্ত্ৰাসবাদ সন্দৰ্ভত পাকিস্তানক এঘৰীয়া কৰাৰ সন্দৰ্ভতো ছৌদী ৰাজকুমাৰৰ সৈতে আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইক্ষেত্ৰত ছৌদী আৰবৰ সঁহাৰি লক্ষণীয় হ'ব। লগতে প্ৰতিৰক্ষা, শক্তি খণ্ড,পৰ্যটন আদি বিষয়ত ভাৰতৰ সৈতে ছৌদী আৰবৰ সহযোগিতা সন্দৰ্ভত আলোচনা হ'ব।

Your Comments