পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে আজি দুপৰীয়া এটা ভিডিঅ' জাৰি কৰি পুলৱামা আক্ৰমণৰ সৈতে পাকিস্তান জড়িত নাই বুলি স্পষ্টীকৰণ দিয়ে। লগতে ভাৰতে পাকিস্তান আক্ৰমণ কৰিলে পাকিস্তানেও প্ৰত্যাক্ৰমণ কৰিব বুলি হুমকি দিয়ে। কিন্তু ৬ মিনিটৰ ভিডিঅ'টোত ২০টা 'কাট' থকাটোৱে সকলোৰে চকু কপালত তুলিছে। ৰেকৰ্ডেড ভিডিঅ'টোত ইমৰাণে কোৱা কিছু কথা পাকিস্তানী সেনাৰ নিৰ্দেশত সম্পাদনা কৰা হৈছে বুলি সচেতন মহলত চৰ্চা চলিছে। অৰ্থাৎ পাকিস্তানী সেনাই ভাল নোপোৱা কিছু কথা এজন প্ৰধান মন্ত্ৰীৰ বক্তব্য হোৱা সত্ত্বেও অসন্মানজনকভাৱে কাটি পেলোৱা হৈছে। ভাৰত বিদ্বেষী পাকিস্তানী সেনা আৰু কিছু মৌলবাদী সংগঠনৰ হাতৰ পুতলা হিচাপে ইতিমধ্যে চিহ্নিত ইমৰাণ খান। 'ভিডিঅ' কাট'ৰ ঘটনাটোৱে ইয়াক পুনৰ প্ৰমাণ কৰিলে।
- Log in to post comments
- 205 views