গুৱাহাটী-উত্তৰ গুৱাহাটী জল যাতায়াতৰ মান অভূতপূৰ্বভাৱে উন্নত হ'বলৈ আগবাঢ়িছে। কাৰণ শীঘ্ৰে ইয়াত সংযোজন ঘটিব অত্যাধুনিক ৰ' ৰ' জাহাজৰ। ইতিমধ্যে ৰ' ৰ' জাহাজখন পৰীক্ষামূলকভাৱে লুইতৰ দুয়ো পাৰৰ মাজত চলাই চোৱা হৈছে। শীঘ্ৰে জাহাজখন নিয়মীয়া খেপত প্ৰতিদিনে চলিব।
ৰ' ৰ' জাহাজখনৰ দৈৰ্ঘ্য ৫৭ মিটাৰ, প্ৰস্থ ১৫.২ মিটাৰ। জাহাজখনে ১০০খনতকৈ অধিক মটৰ বাইক কঢ়িয়াব পাৰিব। ১২খনলৈকে ট্ৰাকো কঢ়িয়াব পাৰিব শক্তিশালী জাহাজখনে। জাহাজখনে বৰ্তমান চলি থকা ফেৰীসমূহতকৈ ক্ষিপ্ৰতাৰে গতি কৰিব। নিৰাপদভাৱে অধিক যাত্ৰীও কঢ়িয়াব।
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নামত জাহাজখনৰ নাম ৰখা হৈছে শংকৰদেৱ। গুৱাহাটী-উত্তৰ গুৱাহাটী জল যাতায়াতত ৰ' ৰ' জাহাজখনৰ সংযোজন উত্তৰ গুৱাহাটীবাসীৰ লগতে নিয়মিতভাৱে পাৰাপাৰ হোৱা উত্তৰ কামৰূপ আৰু দৰং জিলাৰ জনতাৰ বাবেও সুখবৰ হিচাপে বিবেচিত হৈছে।
- Log in to post comments
- 122 views