পাকিস্তানত কাৰাবন্দী অসমৰ যুৱকক লৈ বিধানসভাত প্ৰশ্নৰ সন্মুখীন অসম চৰকাৰ

পাকিস্তানত কাৰাবন্দী অসমৰ যুৱকক লৈ বিধানসভাত প্ৰশ্নৰ সন্মুখীন অসম চৰকাৰ

নেদাৰলেণ্ডৰ হেগস্থিত ইণ্টাৰনেচনেল কোর্ট অব্‌ জাষ্টিচত কুলভূষণ যাদৱ সন্দৰ্ভত শুনানি চলি থকাৰ মাজতে পাকিস্তানত বন্দী অসমীয়া যুৱক সীমান্ত শইকীয়াক লৈ বিধানসভা অধিবেশনত প্ৰশ্নৰ সন্মুখীন হৈছে অসম চৰকাৰখনে। গোলাঘাট জিলাৰ নৱগ্ৰামাৰ ৩৩বছৰীয়া যুৱকজন কৰাচীৰ লান্ধি কাৰাগাৰত বন্ধী হৈ থকাৰ কথা সদনত স্বীকাৰ কৰিছে অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে। আনহাতে, দেউতাক প্ৰদীপ শইকীয়াক যোগাযোগ কৰি খবৰ পোৱা গৈছে যে সীমান্তক যোৱা বছৰৰ ২৮ অক্টোবৰত পাকিস্তানৰ নিৰাপত্তাৰক্ষীযে বন্দী কৰিছে।

তেওঁৰ মুক্তিৰ বাবে ইতিমধ্যে অসম আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ ওচৰত বিষয়টো উত্থাপন কৰিছে৷ খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্ন উত্তৰত পাটোৱাৰীয়ে এই কথা জনায়। অৱশ্যে পাকিস্তানৰ কাৰাগাৰত বন্দী অসমীয়া যুৱকজনৰ অৱস্থা সন্দৰ্ভত অসম চৰকাৰে বিশেষ আন একো জনাব পৰা নাই বুলি জানিব পৰা গৈছে। গুজৰাটৰ এটা কোম্পানীৰ হৈ সাগৰত মাছ মাৰিবলৈ যাওঁতে সতীৰ্থ আন কেইবাজনৰো সৈতে সীমান্তত পাকিস্তানৰ নিৰাপত্তা ৰক্ষীৰ হাতত বন্দী হৈছিল অসমৰ যুৱকজন।
 

Your Comments