আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰচাৰ অহা ১ মাৰ্চত আৰম্ভ কৰিব দলৰ সভাপতি ৰাহুল গান্ধীয়ে। সেইদিনা গান্ধীয়ে মহাৰাষ্ট্ৰৰ ধুলেত এক বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিব। এই সভাখনত বহুকেইজন জ্যেষ্ঠ নেতাৰ উপস্হিতিত আবেলি ৩ বজাত গান্ধীয়ে দলৰ প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব।
আনহাতে, একেদিনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে মুম্বাইত আন এখন নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ লোৱাৰো সম্ভাৱনা আছে বুলি মহাৰাষ্ট্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অশোক চাবনে জানিবলৈ দিছে।
- Log in to post comments
- 13 views