গেইলৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপ

গেইলৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপ

সমাগত বিশ্বকাপ ক্ৰিকেটৰ পিছতে এদিনীয়া আন্তৰ্জাতিক মেচৰ পৰা অতীত হৈ পৰিব ৱেষ্ট ইণ্ডিছৰ ক্ৰিকেট তাৰকা ক্ৰিছ গেইলৰ নামটো। টি-২০ৰ বিস্ফোৰক বাঁওহতীয়া বেটছমেন গৰাকীয়ে এদিনীয়া আন্তৰ্জাতিক খেলৰ পৰা অৱসৰ ল'ব।

গেইলৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপ

আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হোৱাৰ আগেয়ে পুৱা দলৰ অনুশীলনৰ অন্তত খেলুৱৈগৰাকীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে ৩৯ বছৰীয়া কেৰিবিয়ান খেলুৱৈগৰাকীয়ে ২৮৪খন এদিনীয়াত ২৩টা শতক, ৪৯টা অৰ্ধশতকসহ ৯,৭২৭ ৰাণ সংগ্ৰহ কৰিছে।

সৰ্বধিক ব্যক্তিগত স্কৰ ২১৫। টেষ্টত ত্ৰিশতক, এদিনীয়াত দ্বিশতক আৰু টি-২০ত শতক অর্জন কৰা গেইলেই বিশ্বৰ একমাত্ৰ ক্ৰিকেট খেলুৱৈ। এদিনীয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও গেইলে টি-২০ খেল খেলি যাব বুলিও জনায়।

Your Comments