পুলৱামা আক্ৰমণৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্পষ্ট ভাষাত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানে যথোচিত শিক্ষা পাব বুলি কৈছিল৷ তাৰ পিচতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল৷ ইফালে ভাৰতৰ জনতাৰ মাজত পাকিস্তানত সামৰিক আক্ৰমণ কৰি উচিত জবাব দিয়াৰ দাবী শক্তিশালী হৈ আহিছে৷
এতিয়া ভাৰতৰ সম্ভাৱ্য আক্ৰমণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে৷ আজি খানে এটা ভিডিঅ' বাৰ্তাত কয়- 'ভাৰতৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানক আক্ৰমণৰ বিষয়ে আওৰায় থকা হৈছে৷ যদি এই ভাবুকি সঁচা হয়, এটা কথা স্পষ্টকৈ মনত ৰখা দৰকাৰ যে প্ৰত্যাক্ৰমণ কৰিবলৈ পাকিস্তান পিচ হুঁহকিনাযায়৷ পাকিস্তানে প্ৰত্যাক্ৰমণ কৰিবই৷'
- Log in to post comments
- 188 views