লক্ষ্য 'পাকিস্তানী বোৱাৰী' ছানিয়া মিৰ্জা : তেলেংগানাৰ 'ব্ৰেণ্ড এম্বেচাডৰ'ৰ পৰা অব্যাহতি প্ৰদানৰ দাবী

sania_mallik_pak

পুলৱামা আক্ৰমণৰ পিছত বৰ্তমান সমগ্ৰ দেশতে জনতাৰ মাজত পাকিস্তান বিৰোধী ক্ষোভ৷ পাকিস্তানৰ সৈতে সংযুক্ত যিকোনো বিষয়তে বিষোদগাৰ কৰিবলৈ ধৰিছে দেশৰ একাংশ নাগৰিকে৷ এইবাৰ লক্ষ্য হৈছে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা৷ তেলেংগানাৰ একমাত্ৰ বিজেপি বিধায়ক টি ৰাজা সিঙে ছানিয়া মিৰ্জাক তেলেংগানাৰ 'ব্ৰেণ্ড এম্বেচাডৰ' পদৰ পৰা আঁতৰাবলৈ দাবী জনাইছে৷ কাৰণ ছানিয়া পাকিস্তানৰ বোৱাৰী৷

sania_mallik_pak

কাৰণ ছানিয়া মিৰ্জাৰ স্বামী ছোৱেইব মালিক পাকিস্তানী ক্ৰিকেট খেলুৱৈ৷ পুলৱামাত পাকিস্তানী সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীয়ে ৪৪ গৰাকীকৈ জোৱানক হত্যা কৰাৰ পিছত এগৰাকী পাকিস্তানী বোৱাৰীক তেলেংগানাৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অব্যাহত ৰখাতো কেতিয়াও সমিচীন নহয় বুলি বিধায়কজনে মন্তব্য কৰিছে৷ উল্লেখ্য যে টি ৰাজা সিং সময়ে সময়ে বিভিন্ন বিতৰ্কিত মন্তব্যৰে চৰ্চাত থাকে৷

Your Comments