ছহিদ মেজৰ ধৌন্দিয়ালৰ অন্তিম যাত্ৰা : কফিনত চুমা দি পত্নীয়ে ক'লে 'আই লাভ য়ু'

major_killed_terrorest

দেওবাৰৰ মাজনিশাৰ পৰা চলা ১৮ ঘণ্টাজোৰা সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড গাজী ৰছিদ আৰু তাৰ দুই সহযোগী৷ এই সংঘৰ্ষতে সোমবাৰে ছহিদ হয় মেজৰ বিএছ ধৌন্দিয়াল আৰু আন তিনিজন সেনা জোৱান৷ আজি দেৰাডুনত ছহিদ ধৌন্দিয়ালৰ অন্তিম যাত্ৰা উলিওৱা হয় ৷

এই যাত্ৰাত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ হৰিশ ৰাৱটকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ সমবেত হয় অগনণ সাধাৰণ নাগৰিক৷ অন্তিম যাত্ৰাত এটা মৰ্মস্পৰ্শী দৃষ্টি পৰিলক্ষিত হয়৷ মেজৰ ধৌন্দিয়ালৰ পত্নীয়ে প্ৰয়াত স্বামীক ছেল্যুট দিয়ে৷ তাৰপিছতেই কফিনটোত চুমা দি কয় 'আই লাভ য়ু'৷ এই দৃশ্য প্ৰত্যক্ষ কৰি চকু সেমেকি উঠে উপস্থিত সকলোৰে৷ 
 

Your Comments