কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সমৰ্থক শিলগুটি নিক্ষেপকাৰী যুৱকসকললৈ শেষ সকীয়নি প্ৰদান কৰিছে ভা্ৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল কেজিএছ ধিল্লঁই৷ আজি সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ পুলিচৰ যৌথ সংবাদমেলত ধিল্লঁই এই সকীয়নি প্ৰদান কৰে৷
তেওঁ এই শিলগুটি নিক্ষেপকাৰী যুৱকসকলক সুৰক্ষা বাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষস্থলীলৈ নাহিবলৈ আহ্বান জনায়৷ এই সকীয়নিৰ পিছতো সংঘৰ্ষস্থলীত শিলগুটি নিক্ষেপেৰে যদি সেনাক আক্ৰমণ কৰে, এতিয়াৰে পৰা সেই যুৱকসকলৰ বিৰুদ্ধে সেনাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷
সংবাদমেলখনত লেফটেনেণ্ট জেনেৰেলজনে উল্লেখ কৰে যে পুলৱামা আক্ৰমণৰ ১০০ ঘণ্টা ভিতৰেত মাষ্টাৰমাইণ্ড গাজী ৰছিদ ওৰফে কামৰানক নিৰ্মূল কৰা হ'ল৷ কাশ্মীৰত সক্ৰিয় জইছ-ই-মহম্মদৰ নেতৃত্বক নিঃশেষ কৰা হৈছে বুলি লেফটেনেণ্ট জেনেৰেলজনে লগতে মন্তব্য কৰে৷
- Log in to post comments
- 380 views