আতংকিত পাকিস্তান : ভাৰতৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘক দিলে অভিযোগ

uno_new york_sc

আতংকিত হৈ পৰিছে পাকিস্তান । পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ধৰাত সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশখন আতংকিত হৈ পৰিছে। ভাৰতে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ শংকাত পাকিস্তান এতিয়া কাষ চাপিছে ৰাষ্ট্ৰসংঘৰ।

পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ' গুটেৰেছলৈ চিঠি লিখি ভাৰতে উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত ভাৰতক বাধা দিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক অনুৰোধ জনাইছে পাকিস্তানে। এনেদৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানলৈ চিঠি লিখাটোৱে ভাৰত আৰু আন্ত:ৰাষ্ট্ৰীয় হেঁচাত পাকিস্তান ভয়াৰ্ত হৈ পৰাটোকে প্ৰমাণ কৰিছে।

Your Comments