উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে চৰম অস্বস্তিত পৰা বিজেপিয়ে এইবাৰ নাগালেণ্ডত আন এক বিপযয়ৰ সন্মুখীন হৈছে। নাগালেণ্ডৰ ৰাজ্যিক বিজেপি সভাপতি টমজেন ইমনা অলং কুমাৰৰ স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলি ১১গৰাকী বিষয়ববীয়াই বিজেপিৰ পৰা পদত্যাগ কৰে। উল্লেখ্য যে দলৰ সভাপতিগৰাকীয়ে দলত কাৰো কথাত গুৰুত্ব নিদিয়াৰ অভিযোগ দিছিল যদিও কেন্দ্ৰীয় সমিতিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভত দলৰ ৰাজনৈতিক বিভাগৰ সভাপতি টি এ উলংলি, সংখ্যালঘু মৰ্চাৰ টু টু ৰহমান টপদাৰ, প্ৰাক্তন ৰাজ্যিক মহিলা সভানেত্ৰী চাউ নু নং গলীলকে ধৰি প্রায় ১১গৰাকী বিজেপিৰ বিষয়াববীয়াই পদত্যাগ কৰে৷
- Log in to post comments
- 477 views