পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও : ব্যৱসায় বন্ধ সৰ্বাত্মক 

morigaon_protest


মৰিগাঁৱৰ পৰা জিতুমনি নাথ

জম্মু-কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত আজি সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ আহ্বানক সমৰ্থন জনাই মৰিগাঁও জিলা চেম্বাৰ্ছ অৱ কমাৰ্চেও জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে সৰ্বাত্মক বন্ধ পালন কৰি  মৰিগাঁও নগৰত এক প্ৰতিবাদী সমদলো উলিয়াই। জিলা চেম্বাৰ্ছ অৱ কমাৰ্চৰ সম্পাদক মিলন ডেকা, উপ-সভাপতি মনচুৰ আহমেদ, যুটিয়া সম্পাদক কুলিন বৰা, সাংগঠনিক সম্পাদক বুবুল বৰদলৈ, প্ৰচাৰ সম্পাদক ৰাজু দাস, মৰিগাঁও নগৰৰ সমিতিৰ সম্পাদক বলেন দাস, সহ:সম্পাদক বুবুল কাকতি, জনসম্পৰ্কৰক্ষী বিষয়া জিতুমনি নাথ, বিপুল দত্ত, জিতু বৰা, নানিয়া, ববী জৈন আদি কৰি চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত দুই শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে।

পাকিস্তান হুচিয়াৰ, সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি প্ৰতিবাদী সমদলটোৱে মৰিগাঁও নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰে৷ মূল পুলিচ পইন্টৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই সহযোগিতা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত মৰিগাঁও সদৰ থানাৰ চাউনিত থকা চিআৰপিএফ জোৱানসকলেও অংশগ্ৰহণ কৰে। 

Your Comments