বৃহস্পতিবাৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ আত্মঘাতীৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ পুলৱামাত ৪৪ গৰাকী চিআৰপিএফ জোৱানৰ মৃত্যুত দেশৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী, সংগীত-শিল্পীসকলে গভীৰ শোক প্ৰকাশ কৰিছে৷ ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জা, লগতে তেওঁৰ স্বামী তথা পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ ছোৱেইব মালিকেও নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷
পুলৱামা আক্ৰমণৰ ১৪ ফেব্ৰুৱাৰী তাৰিখটো ভাৰতৰ বাবে ক'লা দিন হিচাপে অভিহিত কৰিছে টেনিছ তাৰকা ছানিয়া মিৰ্জাই৷ ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ লগতে আশা কৰে যে এনে দিন যাতে আৰু কেতিয়াও নাহে।
- Log in to post comments
- 58 views