নেডাৰলেণ্ডৰ ৰাজধানী হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আজি পাকিস্তানত বন্দী ভাৰতীয় কুলভূষণ জাধৱৰ গোচৰৰ শুনানী আৰম্ভ হৈছে৷ গোচৰটোত ভাৰতৰ পক্ষত যুক্তি আগবঢ়াইছে হৰিশ সালভেই৷ আনহাতে, পাকিস্তানৰ হৈ যুক্তি প্ৰদৰ্শণ কৰিছে খ্যাৰ কুৰেশীয়ে৷ এই শুনানী ২১ ফেব্ৰুৱাৰীলৈ চলিব৷ দ্বিতীয় পৰ্যায়ৰ শুনানী ২০ ফেব্ৰুৱাৰীৰ গধূলী ৭.৩০ বজাৰ পৰা ৯ বজালৈ চলিব৷
এই সময়ছোৱাত ভাৰতে নিজৰ পক্ষ ৰাখিব৷ ২১ ফেব্ৰুৱাৰী নিশা ৯ বজাৰ পৰা ১০.৩০ বজালৈ আন এটা শুনানী হ'ব৷ এই শুনানীত পাকিস্তানে নিজৰ পক্ষ ৰাখিব৷ উল্লেখ্য যে পাকিস্তানত সন্ত্ৰাসবাদত জড়িত থকাৰ অভিযোগত কুলভূষণ জাধৱক ২০১৭ চনৰ ১০ এপ্ৰিলত পাকিস্তানৰ সৈন্য আদালতে মৃত্যুদণ্ড বিহিছিল৷ এই ৰায়ৰ বিৰুদ্ধে ভাৰতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কাষ চাপিছিল৷
- Log in to post comments
- 29 views