গাজী ৰছিদৰ মৃত্যু জঈছ-ই-মহম্মদৰ বাবে বৃহৎ ক্ষতি 

Gaji_jise-e-modamand

জঈছ-ই-মহম্মদৰ মুখ্য কমাণ্ডাৰ গাজী ৰছিদৰ মৃত্যু সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে ব্যাপক ক্ষতি হিচাপে চিহ্নিত হৈছে।২০০৮ চনত জইছত যোগ দিছিল আফগান সন্ত্ৰাসবাদীটোৱে। যোৱা বছৰত সুৰক্ষা বাহিনীয়ে জইছৰ এজন শীৰ্ষ কমাণ্ডাৰ তথা মৌলানা আজাহাৰৰ ভতিজাকক হত্যা কৰাৰ পিছত সংগঠনটোৱে কাশ্মীৰলৈ গাজী ৰছিদক প্ৰেৰণ কৰিছিল।

কাশ্মীৰত জঈছক শক্তিশালী কৰিবলৈ ৰছিদক প্রেৰণ কৰা হৈছিল। পাকিস্তানৰ পৰা দক্ষিণ কাশ্মীৰত অনুপ্ৰৱেশ কৰিছিল ৰছিদে। ৰছিদে ২০ বছৰীয়া যুৱক আদিল ডাৰক প্ৰশিক্ষণ প্ৰদান কৰি আত্মঘাতী হিচাপে প্ৰস্তুত কৰিছিল। মাষ্টাৰমাইণ্ড গাজী ৰছিদৰ নিৰ্দেশতে আদিলে আত্মঘাতী বিস্ফোৰণেৰে পুলৱামাত চিআৰপিএফ জোৱানসকলক হত্যা কৰিছিল।

এতিয়া গাজী ৰছিদক আজি সেনাই হত্যা কৰাৰ পিছত জম্মু-কাশ্মীৰত  জইছ স্বাভাৱিকতে দুৰ্বল হ'ল। গাজী ৰছিদক নিৰ্মূল কৰি সেনাই বৃহৎ সফলতা অৰ্জন কৰিলে।

Your Comments