পুলৱামাৰ আক্ৰমণৰ প্ৰথম প্ৰতিশোধ ল'লে ভাৰতীয় সেনাই৷ দেওবাৰৰ নিশাৰে পৰা চলা সংঘৰ্ষৰ পিছত আজি পুৱা পিংগলিণা এলেকাত সেনাই হত্যা কৰে জইছ-ই-মহম্মদৰ কমাণ্ডাৰ আফগান সন্ত্ৰাসবাদী গাজী ৰছিদক৷ এই গাজী ৰছিদেই প্ৰশিক্ষণ প্ৰদান কৰিছিল পুলৱামা আক্ৰমণৰ আত্মঘাতী সন্ত্ৰাসবাদী আদিল ডাৰক৷
ৰছিদেই আছিল পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড৷ লগতে সেনাই হত্যা কৰে ৰছিদৰ ঘনিষ্ঠ সহযোগী জইছ কমাণ্ডাৰ কামৰান আৰু সদস্য ওমৰক ৷ এই সংঘৰ্ষত সেনাৰ এজন মেজৰ আৰু তিনিজন জোৱান ছহিদ হয়৷ পিংগলিণাৰ এটা বিল্ডিঙত লুকাই আছিল ৰছিদ আৰু কামৰান৷
- Log in to post comments
- 523 views