পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হোৱা অসমৰ চিআৰপিএফ জোৱান মনেশ্বৰ বসুমতাৰীৰ ঘৰত আজি উপস্থিত হয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী৷ তামুলপুৰৰ কলবাৰীস্থিত ছহিদগৰাকীৰ বাসগৃহত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
ছহিদগৰাকীৰ বাসগৃহত উপস্থিত হৈ হাগ্ৰামাই পৰিয়ালটোলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে৷ লগতে তেওঁ কয় যে যদি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ দায়িত্ব নলয় তেনেহ'লে বিটিচি প্ৰশাসনে সেই দায়িত্ব ল'ব৷
আনহাতে, যদি কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়ে সন্ত্ৰাসবাদীক ৰুধিবলৈ ৫০০ বড়ো যুৱকক কাশ্মীৰলৈ পঠিয়াব বুলিও উল্লেখ কৰে৷ লগতে এই যুৱকসকলৰ সম্পূৰ্ণ খৰচ বিটিচি প্ৰশাসনে বহন কৰিব বুলিও উল্লেখ কৰে৷
- Log in to post comments
- 169 views