কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত ৭জনক আটক। সেনা আৰু আৰক্ষীয়ে অভিযান চলাই পুলৱামা আৰু অৱণ্টিপুৰাৰ পৰা আটক কৰে কেউজনকে। জঈছ-ই-মহম্মদে সংঘটিত কৰা বৰ্বৰ আক্ৰমণ সন্দৰ্ভত আহিছে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। জঈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী তথা পাকিস্তানৰ নাগৰিক কমৰানে ৰচিছিল হত্যালীলাৰ ব্লুপ্ৰিণ্ট। জঘন্য আক্ৰমণৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ পুলৱামা, অৱণ্টিপুৰা আৰু ট্ৰাল অঞ্চলত ঘূৰা-ফুৰা কৰি সমগ্ৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল বৰ্বৰ সন্ত্ৰাসবাদী কমৰানে। সম্প্ৰতি কমৰানৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে সেনা-আৰক্ষীয়ে।
- Log in to post comments
- 203 views