গুৱাহাটী চিনে ক্লাবৰ চলচ্চিত্ৰ মহোৎসৱ

A

গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অহা ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ১১সংখ্যক আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰৰ মহোৎসৱ । এই কথা জানিবলৈ দিয়ে গুৱাহাটী চিনে ক্লাবৰ সভাপতি এ কে আবচৰ হাজৰিকা আৰু সম্পাদিকা মাধুৰীমা বৰুৱাই। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কয় যে এইবাৰ আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত ১৫খন দেশৰ ২৮খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব ।

৮ দিনকৈ অনুষ্ঠিত হ'ব লগা এই চলচ্চিত্ৰ মহোৎসৱত ৫খনকৈ অসমীয়া চলচ্চিত্ৰও প্ৰদৰ্শিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোগতাসকলে । ইয়াৰ উপৰিও এইবাৰ চলচ্চিত্ৰ মহোৎসৱত নতুন প্ৰজন্মক উৎসাহিত কৰা বাবে চুটি ছবিৰ প্রদর্শনৰ ব্যৱস্থাও কৰা বুলি জানিবলৈ দিয়ে । উল্লেখ যোগ্য যে এইবাৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব জাৰ্মানী, ছিংগাপুৰ, লিথুনিয়া, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, দক্ষিণ কোৰিয়া, ভিয়েটনাম, বাংলাদেশ, জাপান, চীন, ছাৰ্বিয়া, নৰৱে, কিউবা, আফগানিস্তান আৰু ভাৰতৰ চলচ্চিত্ৰ ।

উল্লেখ যোগ্য যে ৭ ডিচেম্বৰ সন্ধিয়া ৫ বজাত গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত শুভ উদ্বোধন কৰিব চলচ্চিত্ৰ মহোৎসৱখন । উক্ত অনুস্থানত উন্মোচন কৰা হ'ব চিনে ক্লাৱৰ বাৰ্ষিক মুখপাত্ৰ 'চিত্ৰ চিন্তন' ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ।

ইফালে এইবাৰ চলচ্চিত্ৰ মহোৎসৱ ঔপন্যাসিক, গল্পকাৰ, গুৱাহাটী চিনে ক্লাৱৰ প্ৰাক্তন সভাপতি মাণিক বৰা আৰু জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা নামত উৎসৰ্গা কৰা হ'ব । ইফালে ৮ ডিচেম্বৰৰ পৰা প্ৰতি দিনাই ৪খনকৈ চিনেমা প্রদর্শন কৰা হ'ব । উদ্যোগতাসকলে জনোৱা মতে প্ৰতিখন ছবি দর্শনীৰ মূল্য ৪০ টকা ৷ সম্পূৰ্ণ এটা দিনৰ মূল্য ১০০টকা ৷ আটাইকেই দিনৰ টিকটৰ মূল্য ৩০০টকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০০টকা বুলি জানিবলৈ দিয়ে । এইবাৰ চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শিত হ'বলগা অসমীয়া ছবি কেইখন হৈছে ভাৱৰীয়া, নদী মাঠু বয়, দিনবন্ধু মুখ্য আকৰ্ষণ ।

Your Comments