এগৰাকী দিব্যাংগ শিশুৰ নিৰ্মোহ কাহিনীৰে সমৃদ্ধ গ্ৰন্থ 'বিজয়িনী সুপ্ৰিয়া' উন্মোচন

এগৰাকী দিব্যাংগ শিশুৰ নিৰ্মোহ কাহিনীৰে সমৃদ্ধ গ্ৰন্থ 'বিজয়ী সুপ্ৰিয়া' উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন ব্যতিক্ৰমী গ্ৰন্থ "বিজয়ী সুপ্ৰিয়া" উন্মোচন কৰা হয় । এগৰাকী ৰাষ্টীয় বঁটাপ্ৰাপ্ত দিব্যাঙ্গ শিল্পীৰ জীৱন গাথাৰে প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখন ।

২৪ বছৰীয়া দিব্যাংগ শিল্পী তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সুপ্ৰিয়া সুধা খাউণ্ডৰ জীৱন সমৃদ্ধিৰে ৪৯গৰাকী ব্যক্তিয়ে লিখা গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পিতৃ দুলু কুমাৰ খাউণ্ড আৰু মাতৃ কল্পনা শইকীয়া খাউণ্ডে ।

এগৰাকী দিব্যাংগ শিশুৰ নিৰ্মোহ কাহিনীৰে সমৃদ্ধ গ্ৰন্থ 'বিজয়ী সুপ্ৰিয়া' উন্মোচন

সকলো দিব্যাংগ পিতৃ-মাতৃৰ নামত উচৰ্গা কৰা গ্ৰন্থখন উন্মোচন কৰে ডঃ অখিলৰঞ্জন দত্ত, সাংবাদিক সঞ্জীৱ বৰা, নিবন্ধকাৰ মনমৰমী মহন্তই । গ্ৰন্থখন উন্মোচন কৰাৰ আগমুহূৰ্তত সুপ্ৰিয়াৰ পিতৃয়ে তাইক আজি এই পৰ্যায়ত উপনীত কৰাবলৈ সমাজৰ এচাম ব্যক্তি পৰা কেনেদৰে মানসিকভাৱে তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখী হৈ আহিছে তাৰ এটা থুল-মূল বিৱৰণ দিয়ে ।

এগৰাকী দিব্যাংগ শিশুৰ নিৰ্মোহ কাহিনীৰে সমৃদ্ধ গ্ৰন্থ 'বিজয়ী সুপ্ৰিয়া' উন্মোচন

এই গ্ৰন্থখন দিব্যাংগ পিতৃ-মাতৃসকলৰ বাবে তেওঁ আগবঢ়োৱাৰ কাৰণ হিচাপে তেওঁ কয় যাতে নিজৰ দিব্যাংগ সন্তানটোক লৈ সেই পিতৃ-মাতৃসকল কেতিয়াও মানসিকভাৱে হতাশ হ'ব লগা নহয় তাৰ স্বাৰ্থতে তেওঁ এই গ্ৰন্থখন এইসকল পিতৃ-মাতৃৰ নামত উচৰ্গা কৰা বুলি জানিবলৈ দিয়ে ।


 

Your Comments